গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ হাইজেকাৰ সকলৰ বিৰুদ্ধে একলক
ছুলতান আহমেদ
প্ৰথম খণ্ড-
Newspole_assam'ৰ পৰিকল্পনা মোৰেই।সুহৃদ বন্ধু এজনৰ দীৰ্ঘদিনৰ আশা পুৰ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল কাকতৰ পৰিবৰ্তে নিউজ ৱেব পৰ্টেল এটি খোলাৰ। সেইমতে ইতিমধ্যেই বন্ধুজনৰ একক প্ৰচেষ্টাৰে কাৰোপৰা এক অনাৰ সহায় নোলোৱাকৈ দহ লক্ষাধিক ধন খৰচ কৰি গোৱালপাৰা চহৰৰ উপকণ্ঠ ভালুকডুবিৰ প্ৰগতিনগৰত নিৰ্মান কৰা হৈছে এটি চাউণ্ড প্ৰুফ ষ্টুডিঅ' সহ তিনিটা কোঠাৰ এটি আতকধুনীয়া কাৰ্যালয়।পৰ্টেলটোৰ যাবতীয় উপকৰণসমূহৰ লগতে গুগলৰ ব্ৰডকাষ্টিং এডমিন/ডমিন আদি উপলব্ধ কৰি প্ৰতিষ্ঠিত ৱেব ডিজাইনাৰৰ জৰিয়তে ডিজাইনৰ কাম চলাই থকা হৈছে।মোৰ কিছু ব্যক্তিগত বিশেষ অসুবিধাৰ বাবে সতীৰ্থ তথা "অসমীয়া প্ৰতিদিন"ৰ বিশিষ্ঠ সাংবাদিক চৈয়দ ৰবিউল হকক পৰ্টেলটোৰ এডিটৰ ইন চিফৰ গুৰু দায়িত্ব অৰ্পন কৰাত তেওঁ পৰ্টেলটোৰ গ্ৰেণ্ড অপেনিং কৰিবলৈ যত্ন আৰু প্ৰচেষ্টা চলাই আহিছে।এইক্ষেত্ৰত মইয়ো অসুবিধাৰ মাজেৰেই তেওঁক যথা সম্ভৱ সহায় কৰাৰ চেষ্টা কৰি আছো।চলিত সপ্তাহতে বা-বাতৰিৰ জৰিয়তে অপেনিং কৰিবলৈ মনস্থ কৰা হৈছিল যদিও ৱেব ডিজাইনৰ কিছু বিসংগতি থকা বাবে অপেনিঙত কিছু পলম কৰাৰ সিদ্ধান্ত লোৱা হৈছে।অৰ্থাৎ পৰ্টেলটোৰে এতিয়ালৈকে ফেচবুক পেজত ট্ৰাইলিঙৰ ইতিবাচক দুটামান অনুষ্ঠানৰ বাহিৰে এটাও বাতৰি পৰিবেশন কৰা হোৱা নাই।কিন্তু অতি পৰিতাপৰ বিষয় ২৭/২৮ বছৰৰ সাংবাদিকতাৰ এক দীঘলীয়া ঘাট-প্ৰতিঘাটৰ অভিজ্ঞতাৰে পুষ্ট চৈয়দ ৰবিউল হকৰ দৰে বিশিষ্ঠ সাংবাদিকে এডিটৰ ইন চিফৰ দায়িত্ব লোৱা পৰ্টেলটোৱে এটাও বা-বাতৰি পৰিবেশন কৰিবলৈ নৌপাওঁতেই গোৱালপাৰা জিলা সাংবাদিক সন্থাই নিউজপ'ল অসমৰ লগতে বহুকেইটা ৱেব পৰ্টেলৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে জিলা আৰক্ষী অধীক্ষকক দিলে চকু কপালত উঠা কেইবাটাও দুৰ্ভাগ্যজনক গুৰুতৰ অভিযোগ।অন্য পৰ্টেল বা ফেচবুক পেজ নিউজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ কিমানদূৰ সত্য সেয়া আমি নেজানো কিন্তু এইটো স্পষ্ট যে নিউজপ'ল অসমৰ সামাজিক দায়বদ্ধতাক আপোনালোকৰ নিম্ন স্তৰৰ চিন্তা চৰ্চাই কেতিয়াও বিচলিত কৰিব নোৱাৰিব।কাৰণ নিউজপ'ল অসম স্বচ্ছ আৰু নিকা।বাক স্বাধীনতাক খৰ্ব কৰাৰ যি অপচেষ্টা আপোনালোকে কৰিছে তাক কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব।গৰিহণা দিবলৈও যোগ্য নহয় আপোনালোক।আচলতে আপোনালোকৰ দৰে অল্পমতি প্ৰাণীৰ সৈতে বাকযুদ্ধ কৰিবলৈ আমি মুঠেই প্ৰস্তুত নাছিলো।তথাপি আপোনালোকৰ এই দুস্কাৰ্য্য আমাৰ অবগত হোৱাত জিলা সাংবাদিক সন্থাৰ চাৰিজনকৈ শ্ৰদ্ধাৰ কাৰ্যনিৰ্বাহক সদস্যক সোধাত জিলা সাংবাদিক সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য সাংবাদিক চাৰিজনে এই বিষয়ে একো নাজানে বুলি তাৎপৰ্য্যমূলক মন্তব্য কৰে।কথা হ'ল জিলা সাংবাদিক সন্থাৰ চাৰিজনকৈ জ্যেষ্ঠ কাৰ্যনিৰ্বাহক সদস্যই এই স্পৰ্শকাতৰ অভিযোগৰ বিষয়কলৈ একো নাজানো বুলি কোৱাত গোৱালপাৰা জিলা সাংবাদিক সন্থাক দুই-তিনিজন ধুৰন্ধৰ লোকে আচল সাংবাদিকসকলক কৌশলেৰে এলাগি কৰি দীৰ্ঘকাল ধৰি সন্থাটোক হাইজেক কৰি সন্থাটোক ধন ঘটাৰ এক ছিণ্ডিকেটলৈ ৰূপান্তৰিত কৰিছে যে তাকেই প্ৰতিপন্ন কৰিছে বুলি আমি পতিয়ন গৈছো।আপোনালোকে জিলা সাংবাদিক সন্থাক যে ছিণ্ডিকেটলৈ ৰূপান্তৰিত কৰিছে সেই অভিযোগ আমাৰ নহয় সচেতন ৰাইজৰহে।গোৱালপাৰা জিলা সাংবাদিক সন্থাক হাইজেক কৰি ৰখা সেই সাংঘাটিক হাইজেকাৰ কেইজনক প্ৰত্যাহ্বান জনাইছো যে নিউজপ'ল অসমে কোনটো বাতৰিৰ জৰিয়তে সমাজৰ ক্ষতি কৰিছে তাৰ এটি উদাহৰণ দিয়ক। লগতে অসমীয়া প্ৰতিদিনৰ সাংবাদিক চৈয়দ ৰবিউল হকক তথাকথিত সাংবাদিক বুলি আখ্যা দিয়া অভিযোগ পত্ৰত স্বাক্ষৰকাৰী দুজনক এইটোও প্ৰত্যাহ্বান জনালো আপোনালোকে সাংবাদিকতাৰ জৰিয়তে সমাজৰ হিত সাধন কৰা এটি এটি উদাহৰণ দিবলৈ হিম্মত হ'বনে আপোনালোকৰ।অৱশ্যেই ব্লেকমেইলিং কৰাৰ উদাহৰণ হয়টো বহু দিব পাৰিব।জিলা সাংবাদিক সন্থাৰ সভাপতি মহাশয় ডাঙৰীয়া আপোনাৰ মনত আছেনে? গোৱালপাৰা চহৰৰ ইছলামিক "নিয়াত" নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত বহু দিন মজদুৰে কষ্টোপাৰ্জিত ধন জমা কৰিছিল।সেই সমূদায়ধন আত্মসাৎ কৰাৰ অপৰাধৰ অভিযোগত আপুনি অভিযুক্ত।তৎসত্বেও সাংবাদিকতাৰ দৰে পবিত্ৰ বৃত্তিত এতিয়া আপুনি জড়িত।অভিযোগ পত্ৰত যিবোৰ অভিযোগ আনিছে সেইবোৰ অভিযোগ কৰাৰ আপোনাৰ নৈতিক অধিকাৰ আছে নে? সাংবাদিকতাৰ ধৰ্ম আপুনি সঠিকভাৱে পালন কৰি আহিছে নে ? আপুনি আৰু আপোনাৰ সতীৰ্থ ক'ত কেনেকৈ বিখ্যাত আমি সব জানো।ৰাইজক তথ্যসহকাৰে জনাম নেকি? যদি জনাব নালাগে অতিশিঘ্ৰেই নিউজপ'ল অসম আৰু এডিটৰ ইন চিফ চৈয়দ ৰবিউল হকৰ ওচৰত নতশিৰে ৰাজহুৱা ক্ষমা খোজক।অন্যথা সামাজিক মাধ্যমত নাঙঠ হ'বলৈ প্ৰস্তুত থাকক।আগলৈ..
(বি:দ্ৰ: সন্থাৰ নিকা আৰু আপোচহীন সাংবাদিক সকললৈ মোৰ সশ্ৰদ্ধ প্ৰনাম)
0 Comments