লক্ষীপুৰত কৃষি আইন বাতিলৰ দাবীত তিনি ঘন্টীয়া ধৰ্মঘট: এ আই কে কে এম এচৰ সদস্যই বিভিন্ন শ্লগানেৰে উত্তাল কৰিলে লক্ষীপুৰ থানামোৰ:
গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰৰ থানামোৰত আজি নিখিল ভাৰত কিষান খেত-মজদুৰ সংগঠনৰ উদ্যোগত শতাধিক সদস্যই তিনি ঘন্টীয়া অনশন ধৰ্মঘট পালন কৰে। আন্দোলনত অংশ গ্ৰহন কৰা অৱসৰপ্ৰাপ্ত অধ্যাপক ওচমান গণি মোল্লা , অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদেৰ খন্দকাৰ, এ আই কে কে এম এচ ৰ জিলা সভাপতি আব্দুল হামিদ, মহিবুল ইচলাম, আব্দুল হামিদ, লোকমান হুচেইন প্ৰমূক্ষে কৃষক দৰদী নেতা কৰ্মী সকলে ধৰ্মঘটত অংশ গ্ৰহণ কৰি কয় যে যোৱা চেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা আইন সম্পূৰ্ণ ৰূপে কৃষক বিৰোধী।
এই আইন মতে কৃষকৰ ফচল চৰকাৰে ক্ৰয় কৰা বন্ধ কৰিব। উৎপাদিত সামগ্ৰীৰ মূল্য পুঁজিপতিয়ে নিৰ্ধাৰণ কৰিব। পুঁজিপতিৰ নিৰ্দেশ মতে কৃষকে খেতি বাতি কৰিব লগিব আদিৰ লগতে কৃষকৰ অধিকাৰ খৰ্ব হব বুলি ক্ষোভ উজাৰে । দিল্লীত আৰাম্ভ হোৱা কৃষক আন্দোলনক সমৰ্থন কৰি এই কলা আইনক শীঘ্ৰেই প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে। অন্যথাই কলা আইনৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। ধৰ্মঘটত অংশগ্ৰহণ কৰা প্ৰতিবাদী সদস্য সকলে কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক বিৰোধী আইনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লগান দি পৰিবেশ উত্তাল কৰি তোলে।
0 Comments