কবিতাঃঃ যন্ত্রনাৰ মেলাঃঃ
ৰেছমিনা ছুলতানা, অধ্যপিকা চুনাৰী মহাবিদ্যালয়
জীৱন সূতিৰ নূন্যতম হিচাপত থমকি ৰলো-
অনুভৱৰ নিমিলা অংকৰ-
সৰল সমিধান বিচাৰি |
জীৱনে বাৰু কি কয় ?
সৃষ্টিৰ যন্ত্রনাত উম্মাদ হৈ উঠে-
কেতিয়াবা হতাশ কোলাহলত বিলীন হয় |
স্মৃতিৰ স্বৰলিপিত প্ৰমাণিত হয়
যে হৃদয়ৰ ফলকটো স্বচ্চ নাচিল |
উৱলি গৈছে অংকৰ সমীকৰণ
উগলি পৰিব মূল শিপা
নিশ্চল হব জীৱনৰ সূতি |
ভয় আৰু অনিশ্চয়তাই কেতিয়াবা মেৰি
পেলায় যদি সজি উঠে
মানৱতাৰ অন্যান্য সম্ভবনাৰ বীজ |
কত নো গজালি মেলিব,
ভৰিৰ গছকত যেন তেতিয়াই
গছকি পেলাব
উঃ কি যে যন্ত্রনাৰ মেলা ||
0 Comments