নীলাঞ্জনা নদীৰ জোনাক (44. নং খণ্ড )
✒মঞ্জু পাৰবিন
মানুহৰ মানসিক অৱস্থা যদি ৰুগীয়া হয় তেন্তে দেহমন দুৰ্বল হৈ থাকে | কোনো আনন্দ নাথাকে মনত , মনৰ সুস্থতাৰ ওপৰত দেহৰ সুস্থতা বহুত পৰিমানে নিৰ্ভৰ কৰে | বৌয়েকৰ মৰম ,যতন আৰু তত্বাবধানত থাকিলেওঁ নীলাৰ শোচনীয় মানসিক অৱস্থাৰ বাবে তাই ভালকৈ সুস্থ হৈ উঠা নাছিল | ভাঙি পৰিছে তাই আকৌ এবাৰ জীৱনত যেনেকৈ প্ৰশান্তৰ মৃত্যুৰ পিছত তাই নিশ্চুপ হৈ পৰিছিল | বহুতদিন পিছত আকৌ এবাৰ তাই বৰ অসহায়বোধ কৰিলে , ভীষণ নিসংগতাবোধে খুলি খুলি খাইছে তাইক | দেউতালৈ বৰকৈ মনত পৰিছে তাইৰ | তাইৰ মা-দেউতাক বৌয়েকে দিল্লীলৈ মাতি পঠালে ফোন কৰি তাইৰ অৱস্থা চাই |
ঋতুৰাজৰ জীৱনৰ পৰা তাই গুচি যাব খুজিছে | চকুৰ সন্মুখতে ঋতুৰাজৰ জীৱনটো এনেকৈ তিলে তিলে ধ্বংস হৈ যোৱাটো তাই চাব নোৱাৰিব | কাকো ভাঙি ক'ব পৰা নাই একো | তাই বুজি পাইছে কোনোবাই তাইৰ সুখৰ হেঙাৰ হ'ব খুজিছে আৰু ইমানখিনিলৈ আগবাঢ়িব পাৰিছে যেতিয়া তেন্তে তাইৰ আৰু অনুৰাগৰ ক্ষতি কৰিবলৈওঁ কুন্ঠাবোধ নকৰিব | বৰ অহসায় হৈ পৰিছে তাই | তাই জানে ঋতুৰাজে তাইক চকুৰ সন্মুখত দেখি থাকিলে নিজকে লাহে লাহে নিঃশেষ কৰি পেলাব | আৰু তাই, তাই জানো পাৰিব ঋতুৰাজৰ পৰা বিচ্ছেদ হৈ দিল্লীত থাকিবলৈ , নোৱাৰে কেতিয়াওঁ নোৱাৰে জিন্দা লাচ হৈ থাকিবলৈ | পানীৰ তলত থাকে জানো মৰা মাছ ? নোৱাৰে কেতিয়াওঁ | তাইওঁ নোৱাৰিব , মনটো দৃঢ় কৰি লয় তাই অসমলৈ উভতি যাবলৈ , কাকো একো নজনাব তাই একেবাৰে নিঃশব্দে আঁতৰি যাব |
*****++++++********+++++******++++++
দুদিনমান হ'ল ৰকি উভতি আহিছে অসমৰ পৰা | এইবাৰ ঘৰত গৈ সি বহুতদিন থাকি আহিল ,দেউতাকৰ বেমাৰটো বেছি হোৱাৰ কাৰনে ,এতিয়া অৱশ্যে অলপ সুস্থ হৈছে | সি আহিয়ে ব্যৱসায়ৰ কামৰ লগতে অফিচৰ কিছু কাম থকাৰ বাবে কাৰো খবৰ ল'বলৈ আহৰি পোৱা নাছিল | আজি সি বজাৰলৈ অহাত ৰামুকাৰ লগত দেখা হ'ল , ৰামুকাই বজাৰ কৰিবলৈ আহিছে | ৰামুকাক দেখি সি আগুৱাই গ'ল ...
ঃ কি খবৰ ৰামুকা ?
ঃ আছোঁ দিয়া বোপা , পিছে তোমাক আজিকালি
দেখাই নাপাওঁ দেখোন |
ঃ ঘৰলৈ গৈছিলোঁ ৰামুকা , বহুতদিন থাকি আহিলোঁ , পৰহিহে আহি পাইছোঁ | ঋতুৰাজহঁত কেনে আছে |
ঃ ছোটে চাব আৰু ছোটে মেমৰ খবৰ ভাল নহয় |
ঃ কিয় ? কি হৈছে সিহঁতৰ ??
ঃ সেইবোৰ বহুত কথা বোপা , তুমি মোৰ লগত ব'লা , কম সকলোঁ |
ৰকি ভাৱি নাপালে কি হৈছে সিহঁতৰ , কিবা কাজিয়া-চাজিয়া লগা নাইতো |
ঃ কি হৈছে ৰামুকা কোৱাচোন , নুশুনালৈকে শান্তি নাপাম | কাজিয়া লাগিছে নেকি দুয়োৰে |
ঃ ব'লা ,ছোটে চাবৰ ওচৰলৈ গ'লেই গম পাবা | ছোটে মেমৰ গা ভাল নহয় , হস্পিতালৰ তাইৰ ককায়েকে লৈ গৈছে সিহঁতৰ ঘৰলৈ |
ৰকি ৰামুকাৰ লগত ঋতুৰাজহঁতৰ ঘৰলৈ গ'ল | ঋতুৰাজ মাতাল হৈ বিচনাতে শুই আছিল | ঋতুৰাজৰ ওচৰলৈ গৈ ৰকি আচৰিত হ'ল , টেবুলৰ ওপৰত খালি মদৰ বটল আৰু কাঁচৰ গিলাচ , বিশৃংখল ৰুমৰ অৱস্থা, ঋতুৰাজৰ দাড়িয়ে-গোফে ভোৱোকা ৰূপ ... আচৰিত! আচৰিত কথা , সি হতভম্ব হৈ গ'ল | অস্থিৰ হৈ সি ঋতুৰাজৰ ওচৰত বহি মাত লগালে ...
ঃ ৰাজ! এই ৰাজ , কি হৈছে তোৰ হা ? শুকাই-খিনাই এয়া কি অৱস্থা হৈছে তোৰ , তই ড্ৰিংকচ কৰিছ আচৰিত |
তন্দ্ৰালু চকুহাল সামান্য মেলি ঋতুৰাজে ৰকিৰ ফালে চালে , ৰকিক দেখি সি উঠিবলৈ চেষ্টা কৰিলে , ৰকিয়ে ধৰি বহাই দিলে তাক |
ঃ তই আহিছ ৰকি ! মোৰ সকলো শেষ হৈ গ'ল অ' , বিশ্বাস,ভালপোৱা সকলো | হু...হু...হু...
হুকহুকাই কান্দি দিলে ঋতুৰাজে নিচাৰ জালত | কিংকৰ্তব্যবিমূঢ় হ'ল ৰকি একো বুজি নাপাই |
ঃ প্লিজ নাকান্দিবি কি হৈছে ক' মোক | বুজি পাইছো কিবা কথাততই ভীষণ দুখ পাইছ', মনত আঘাত পাইছ' |
ঃ চাল্লা , কি দিয়া নাছিলো মই নীলাক , প্ৰেম, ভালপোৱা, বিশ্বাস চব দিছিলোঁ | বোকাৰ পৰা তুলি আনি ৰাজৰাণী বনাইছিলো বিনিময়ত কি দিলে তাই মোক হা , কি দিলে ? বিশ্বাসঘাতকতা কৰিলে তাই মোৰ লগত | মোৰ সপোনৰ কাৰেং ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰিলে | দুখ মোৰ এটাই জান', তাইৰ পেটত মোৰ সন্তানটো থাকি গ'ল | মোৰ সপোন, মোৰ সমস্ত কিছু তাইৰ ওচৰত থাকি গ'ল | মোৰ , মোৰ সন্তানটো আনিমোক দিবি ভাই তাই য'ত যি কৰে কৰি থাকক |
ঋতুৰাজৰ লাগবান্ধ নোহোৱা কথাত ৰকিয়ে আচল ঘটনা বুজিকে নাপালে | তথাপি তাক সান্তনা দিবলৈ সি ক'লে ,
ঃতই দুখ নকৰিবি মই নীলাৰ ওচৰলৈ যাম , তাইক লৈ আহিম বুজাই | কি ভুল বুজাবুজি হৈছে তহঁতৰ মাজত মই মিলাই দিম |
ঋতুৰাজ এইবাৰ খং কৰি উঠিল হঠাতে ,
ঃ নো , নালাগে তাইক আনিব , তাইৰ মুখ আৰু মই নাচাওঁ | এয়া ,এয়া তই নিজ চকুৰে চা তাইৰ আঁচল ৰূপ |
ঋতুৰাজে কঁপা কঁপা হাতেৰে মোবাইলটোত থকা নীলাৰ নগ্ন ফটোবোৰ দেখুৱালে | আশ্বৰ্য , হতচকিত হ'ল ৰকি ফটোবোৰ চাই | ভিতৰি মনত প্ৰবোধ নামানিলে , নীলাই জানো এনে কৰিব পাৰে কোনোদিন | মুখৰ মাত হেৰাই গ'ল তাৰ | তেওঁ বুজি পালে ঋতুৰাজৰ হৃদয়ত কি ধুমুহা চলিছে | সি মনে মনে ভাৱিলে , " যাম মই নীলাৰ ওচৰলৈ , জবাব দিব লাগিব তাই কিয় এনেকুৱা কৰিলে, ইমান সুখৰ মাজতো | উত্তৰবিহীন প্ৰশ্ন এটাই তাক জুমুৰি ধৰিলে | ঋতুৰাজক সান্তনা দিয়াৰ ভাষা তাৰ ওচৰত নাই | স্থানুৰ দৰে বহুত সময় বহি থাকি সি নিঃশব্দে ওলাই আহিল ঋতুৰাজৰ ওচৰৰ পৰা | বাহিৰলৈ আহি ৰামু কাৰ মুখামুখী হ'ল সি | ৰামু কাই তাৰ হাতত ধৰি ক'লে ...
ঃ বোপা , মোৰ মনে কৈছে ছোটে মেমচাবৰ গাত অলপো দোষ নাই, ছোটে মেমচাবে কেতিয়াওঁ এনে কৰিব নোৱাৰে | দুয়োৰে এনে অৱস্থা সহ্য হোৱা নাই মোৰ , তুমি ছোটে মেমচাবৰ ওচৰলৈ যাবা বোপা , দুয়োকো আকৌ মিলাই দিয়া, মোৰ বিশ্বাস তুমিয়ে পাৰিবা | নহ'লে আমাৰ ছোটে চাব শেষ হৈ যাব |
শেষলৈ ৰামুকাৰ মাতটো থোকাথুকি হৈ ওলাল |
ঃ মোৰো মনে কৈছে নীলাই কেতিয়াওঁ এনেদৰে বিশ্বাসঘাতকতা কৰিব নোৱাৰে , তুমি ৰাজৰ খেয়াল ৰাখিবা ৰামুকা, মই যাম নীলাৰ ওচৰলৈ |
ৰামুকাক আশ্বাস দি সি গুচি আহিল | মনটো একেবাৰে ভাৰাক্ৰান্ত হৈ পৰিল তাৰ |
(আগলৈ)
,
0 Comments