বিলাসীপাৰা পুৱ সমষ্টিৰ টিলা পাৰা গাঁও পঞ্চায়ত চুৰুৱাবাখৰাত 14th Finance Scheme ৰ Mini Stadium ৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ সিংহী দেৱেে
নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা পুৱ সমষ্টিত বিগত ৫০ বছৰে কাম নকৰা কাম পাঁচ বছৰে চমক প্ৰদৰ্শন কৰি দেখুৱাই দিলে বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহী দেৱে। আজি বিলাসীপাৰা পুৱ সমষ্টিৰ টিলা পাৰা গাঁও পঞ্চায়তৰ চুৰুৱাবাখৰাত 2019- 20 ৰ 14th Financeৰ 20 লাখ টকা ব্যয় সাপেক্ষে Mini Stadiumৰ আধাৰশিলা স্থাপন কৰে বিধায়ক সিংহী দেৱে। পাছত আধাৰশিলা সম্পৰ্কীয় সভাত ভাগ লৈ বিধায়ক গৰাকীয়ে ভাষন প্ৰসংগত কয় যে টিলাপাৰা গাঁও পঞ্চায়তৰ টিলাপাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চুৰুৱাবাখৰা মাজেদি চিৰাকুটা ৰাষ্ট্ৰীয় ঘাইপথ লৈ চাৰে নয় কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰাৰ লগতে টিলাপাৰা আৱাসিক বিদ্যালয় নিৰ্মাণ কৰাৰ উপৰিও বিভিন্ন আঁচনিৰ কাম কৰি অহাৰ কথা জনায় আৰু অচিৰেই মহিলা সকলৰ শিক্ষাৰ ক্ষেত্ৰত চিৰাকুটাত মহিলা কলেজ
নিৰ্মাণ কৰিব বুলি জানিবলৈ দিয়ে। অনাগত দিনত অসমৰ ১২৬ সমষ্টিৰ ভিতৰত বিলাসীপাৰা পুৱ সমষ্টি অন্যতম সমষ্টি হিচাপে কাম কৰিব বুলি বিধায়ক সিংহী দেৱে সভায় উপস্থিত থকা ৰাইজক অৱগত কৰে। উক্ত সভাত অনাতাঁৰ শিল্পী তথা জনপ্ৰিয় গায়িকা কুকিলা সৰকাৰে গোৱালপৰীয়া লোকগীত পৰিবেশন কৰি ৰাইজক আপ্লুত কৰি তোলে। সভাখন আত দৰে চুৰুৱাবাখৰা ৱাৰ্ড সদস্যা ফৰিদা বেগমে। সভাত টিলাপাৰা গাঁও পঞ্চায়তৰ সভাপতি আব্দুৰ ৰহিম, কাউন্সিলাৰ ইউনুছ আলী,সদস্য সচিব মতিয়ৰ ৰহমান চাপৰ উন্নয়ন খণ্ড বিষয়া,বিজেপিৰ দলীয় কৰ্মী, পঞ্চায়ত সদস্য সদস্যা আৰু বহুতো গন্য-মান্য ব্যক্তি সকলৰ লগতে ৰাইজে উপস্থিত থাকে।
বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন।
0 Comments