Ticker

6/recent/ticker-posts

Home ads

লক্ষীপুৰত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সভা: সখী একক অৱস্থান কেন্দ্ৰই হল নিৰ্যাতিত নাৰীৰ নিৰাপত্তাৰ কেন্দ্ৰ : নাৰী শিক্ষাত চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত:

লক্ষীপুৰত নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সভা: সখী একক অৱস্থান কেন্দ্ৰই হল নিৰ্যাতিত নাৰীৰ নিৰাপত্তাৰ কেন্দ্ৰ : নাৰী শিক্ষাত চৰকাৰে গুৰুত্ব প্ৰদান কৰা উচিত:


মতিউৰ ৰহমান, লক্ষীপুৰ-৬/১/২০২১ ইং

গোৱালপাৰা জিলাৰ লক্ষীপুৰ মেধিপাৰাৰ এম ভি স্কুল প্ৰাঙ্গনত আজি লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আৰু  'সখী একক অৱস্থান কেন্দ্ৰ' নামৰ এক অনুষ্ঠানৰ সহযোগত নাৰী নিৰ্যাতনৰ  বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত হয়। লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্পৰ অংগনাবাদী চুপাৰভাইজাৰ সাজেদা বেগমৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা সজাগতা সভাত উদ্দেশ্য ব্যাখ্যা কৰে 'সখী একক অৱস্থান কেন্দ্ৰ'ৰ কৰ্মী অনিন্দিতা দেৱীয়ে। সভাত সখী একক অৱস্থান কেন্দ্ৰ ৰ বিষয়া প্ৰাজ্জ্বলিতা চৌধুৰীয়ে ভাষণ প্ৰসংগত কয় যে সম্প্ৰতি সমাজত  নাৰী সৰবৰাহ, যৌন নিৰ্যাতন,  যৌতুক জনিত নিৰ্যাতন সঘনাই সংঘটিত হৈ আছে। এই নিৰ্যাতন সমূহৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় 'সখী একক অৱস্থান কেন্দ্ৰ'।  ১৮১ বিনামূলীয়া হেল্প লাইনত ফোন কৰিলেই বিপদগ্ৰস্তক সহায় কৰা হব বুলি তেখেতে লগতে জানিবলৈ দিয়ে।  সভাত বিশিষ্ঠ সাংবাদিক-সমাজকৰ্মী মতিউৰ ৰহমানে অংশ গ্ৰহণ কৰি কয় যে আজিৰ ইন্টাৰনেটৰ যুগতো নাৰী সকলে পূৰ্ণ স্বাধীনতা পোৱা নাই। কন্যা সন্তানৰ জন্ম হোৱাৰ পিছত কিছু পৰিয়ালৰ মন বেজাৰ হোৱা,  কন্যা শিশুক পৰিপুষ্টি আহাৰ প্ৰদানত বৈষম্যতা প্ৰদৰ্শন কৰা, বিবাহৰ সময়ত ধনী-দুখীয়া-জাতপাত বিচাৰ কৰা, যৌতুক দাবী কৰা আৰু  অকথ্য নিৰ্যাতন চলোৱা, শিশু-নাৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা,  শিক্ষাৰ ক্ষেত্ৰত নাৰীক গুৰুত্ব প্ৰদান নকৰা আদি বিভিন্ন দিশত নাৰী সকল বঞ্চিত আৰু নিৰ্যাতিত হৈ আছে। সমাজত পুৰুষৰ প্ৰাধান্যতাৰ বাবেই  মদ্যপান, ডাইনী আৰু যৌন নিৰ্যাতন দৰে জঘন্য কাৰ্যৰ সন্মুখীন হৈছে দূৰ্বল নাৰী সকল। গ্ৰাম্যাঞ্চলৰ  কন্যা শিশুৰ উচ্চ শিক্ষাৰ প্ৰতি চৰকাৰে আৰু অধিক গুৰুত্ব প্ৰদান আৰু নাৰী নিৰ্যাতনক�

উচ্চ শিক্ষাৰ প্ৰতি চৰকাৰে আৰু অধিক গুৰুত্ব প্ৰদান আৰু নাৰী নিৰ্যাতনকাৰীক দৃষ্টান্ত মূলক শাস্তিৰ ব্যৱস্থা  কৰিলেহে সমাজত নাৰী নিৰ্যাতন লাঘৱ হব বুলি  ৰহমানে লগতে কয়। সভাত লগতে ছামিনুজ্জামান, মেধিপাৰাৰ এম ভি স্কুলৰ প্ৰধান শিক্ষক সামছুদ্দিন আহমেদ , সমাজকৰ্মী  নুৰ বাহাৰ, গাওঁ বুঢ়া গৌৰ বৰ্মন, সমাজকৰ্মী  স্বাধীন সূত্ৰধৰ প্ৰমূক্ষে গন্য-মান্য ব্যক্তি সকলে নাৰী নিৰ্যাতন বন্ধ কৰাৰ উপায়  সমূহৰ বিষয়ে ভাষণ আগবঢ়ায়।

Post a Comment

0 Comments