Ticker

6/recent/ticker-posts

Home ads

গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ গোৱালপাৰা জিলা শাখাৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন-

গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ গোৱালপাৰা জিলা শাখাৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন-

গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ গোৱালপাৰা জিলা শাখাৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন । 

গোৱালপাৰাত লৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ গোৱালপাৰা জিলা শাখাৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন- ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰ প্ৰাঙ্গণত দুই দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় লৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ অন্তৰ্গত গোৱালপাৰা জিলা ছাউণ্ড এণ্ড টেন্ট মালিক সন্থাৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন।

দুই দিনীয়া মুকলি অধিৱেশনখনৰ ১৩ জানুৱাৰীৰ মুকলি সভাত সভাপতিত্ব কৰে গোৱালপাৰা জিলা ছাউণ্ড এণ্ড টেন্ট মালিক সন্থাৰ উপদেষ্টা আব্দুল আৱালে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গোৱালপাৰা জিলা ছাউণ্ড এণ্ড টেন্ট মালিক সন্থাৰ সভাপতি জাকিৰ হুছেইনে। সভাৰ আদৰণি ভাষণত অধ্যাপক শ্বৰিফুল ইছলামে । আদৰণি ভাষণত ইছলামে বিল গেটচ্ ৰ সূখী হোৱাৰ উদাহৰণেৰে কয় যে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সদায় আনুগত্য প্ৰদৰ্শন কৰা উচিত। 

একেদৰে সভাত অধ্যাপক জালাল উদ্দিন আহমেদে কয় যে ছাউণ্ড ছিষ্টেম আৰু টেন্ট মালিক সকলৰ লগত জনসম্পৰ্ক ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। 

সভাত বিশিষ্ট শিক্ষক তথা চিত্ৰশিল্পী আবু আক্কাছ আহমেদে ছাউণ্ড এণ্ড টেন্ট মালিক সকলৰ লগতে উপস্থিত ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। ছাউণ্ড এণ্ড টেন্ট মালিক সকলে পদে পদে পোৱা দুৰ্ভোগৰ বিষয়ে বহলাই আলোচনা কৰে। 

একেদৰে সভাত গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক গৌতম ৰবি দাসে। ছাউণ্ড অপাৰেটৰ টেন্ট সহযোগী সকলে বিগত দিনত পোৱা তিক্ত অভিজ্ঞতাৰ বিষয়ে নিজৰ ভাষণত চমু আভাস দিয়ে। 

সভাত দদান জিলা পৰিষদৰ সদস্যা পৰছিয়া  ৰংখই ছাউণ্ড এণ্ড টেন্ট মালিকৰ  লগতে ৰাইজক উদ্দেশ্যি সামাজিক দায়বদ্ধতাৰ উপৰত এক চমু ভাষণ প্ৰদান কৰে। সন্ধিয়া ৬ বজাৰ পৰা শব্দযন্ত্ৰ আৰু শিল্পী সকলৰ সৈতে সুৰ তাল লয় অনুষ্ঠানত ৰুনিতা ইয়াশ, লুনা দেবী আৰু সহিদুল ইছলাম ৰোহিত, ছিমি ৰয় আদি শিল্পীয়ে কণ্ঠদান কৰি দৰ্শকক আমোদ দিয়ে।

Post a Comment

0 Comments