মিঞা পৰিষদৰ উদ্দোগত গঢ়া খহনীয়াৰ স্থায়ী সমাধানৰ দাবীত 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট -
কাঠুৰী-চিলাৰভিটা মথাউৰি পুনৰ নিৰ্মাণ, RCC Dyke Cum High Way নিৰ্মাণেৰে ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধ কৰাৰ দাবীত অসম মিঞা (অসমীয়া) পৰিষদ, Citizes Rights Trusts (CRT) ৰ উদ্যোগত বিভিন্ন জাতীয় সংগঠনৰ সহযোগত গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলাৰভিটা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অনুষ্ঠিত কৰে ২ ঘন্টীয়া অৱস্থান ধৰ্মধট-
লগতে 5 দফীয়া দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷
দাবীসমূহ :
চিলাৰভিটা-কাঠুৰী মথাউৰি পুনৰ নিৰ্মাণ কৰা-
ব্ৰহ্মপুত্ৰৰ মাজ ভাগত 1/2 কি:মি: খান্দি দি দুয়ো পাৰে RCC Dyke cun Highway নিৰ্মাণ কৰা
বান-গঢ়াখহনীয়াত গৃহহীন হোৱা পৰিয়ালসমূহক নদীভঙ্গৰ প্ৰমাণপত্ৰ প্ৰদানেৰে পুনৰ সংস্থাপন কৰিবই লাগিব।
সদ্য বানপানীত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিবই লাগিব।
বান খহনীয়াৰ বিধ্বস্ত বাট পথ দলং আদি ক্ষীপ্ৰ গতিত মেৰামতি কৰিব লাগে।
উল্লিখিত দাবী সমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত পুৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুন্কাৰ দিয়ে অসম মিঞা ছাত্ৰ পৰিষদৰ সভাপতি আখেৰুজ্জামান মোল্লাই।
0 Comments