Ticker

6/recent/ticker-posts

Home ads

2019-20 বিত্তীয় বৰ্ষৰ ' অসম দৰ্শন আঁচনিৰ ' অধীনত উদমাৰী নাৰিয়া পাহাৰ কালভৈৰৱ মন্দিৰৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে

2019-20 বিত্তীয় বৰ্ষৰ ' অসম দৰ্শন আঁচনিৰ ' অধীনত উদমাৰী নাৰিয়া পাহাৰ কালভৈৰৱ মন্দিৰৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে- 27 নং বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহী দেৱে।

বিলাসীপাৰাৰ ‌পৰা ফৰিজ উদ্দিন আহমেদৰ- ইং 20-12-20 তাৰিখ দেওঁবাৰ দিনা বিলাসীপাৰা পূব সমষ্টিৰ অন্তৰ্গত উদমাৰী নাৰিয়া পাহাৰ কাল ভৈৰৱ মন্দিৰৰ  প্ৰায় পাঁচ কৌটি পঞ্চাশ লাখ টকা ব্যয় সাপেক্ষে সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে- জনপ্ৰিয় বিধায়ক অশোক কুমাৰ সিংহী দেৱে। উক্ত  আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাৰ মাননীয় উপায়ুক্ত শ্ৰীযুত অনন্ত লাল জ্ঞানী (I.A.S.), বিলাসীপাৰা মহকুমা টেৰিটৰিয়াল পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্ত্ৰা শ্ৰীযুত দ্বীপেন নাথ মেধী দেৱ আৰু বিজেপিৰ  বিভিন্ন প্ৰকাৰৰ কৰ্মী লগতে  সন্মানীয় বহুতো ৰাইজ।


এই আধাৰশিলা অনুষ্ঠানতে বিধায়ক অশোক কুমাৰ সিংহীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা কেইগৰাকীমান মহিলাক ৰেচন কাৰ্ড বিতৰণ কৰে। এনে ধৰণৰ এক ব্যতিক্ৰম আধাৰশিলা অনুষ্ঠানত নামনি অসমৰ দুই গৰাকী জনপ্ৰিয় শিল্পী কুকিলা সৰকাৰ আৰু বনীতা ৰায়ৰ  বিভিন্ন   গীতেৰে ৰাইজক আকৰ্ষিত কৰি তোলে। বিধায়ক জনৰ এনে ধৰণৰ কাৰ্য্যক্ষেত্ৰত সমষ্টি বাসী ৰাইজে প্ৰসংশা কৰে। 

Post a Comment

0 Comments