Ticker

6/recent/ticker-posts

Home ads

ছাত্ৰ জীৱনৰ পৰাই এন এছ ইউ আই, যুৱ কংগ্ৰেছৰ বিভিন্ন সাংগঠিক পদ অলংকৃত কৰা অধিবক্তা গৰাকী বৰ্তমান গোৱালপাৰা জিলা আদালতৰো এগৰাকী অধিবক্তা।

লকডাউনৰ সময়ছোৱাত জুৰুলা হৈ পৰা দৰিদ্ৰ জনতাৰ কাষত থকা লোক সকলৰ ভিতৰত গোৱালপাৰা চহৰৰ অন্যতম এক যুৱ অধিবক্তা নাম দেৱান মফিজুৰ ৰহমান ৰৌফি । পেচাত অধিবক্তা হলেও ছাত্ৰ জীৱনৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত। 

ছাত্ৰ জীৱনৰ পৰাই এন এছ ইউ আই, যুৱ কংগ্ৰেছৰ বিভিন্ন সাংগঠিক পদ অলংকৃত কৰা অধিবক্তা গৰাকী বৰ্তমান গোৱালপাৰা জিলা আদালতৰো এগৰাকী অধিবক্তা। 

বিগত লকডাউনৰ সময়ত অসহায় জনতাৰ কাষত থাকি নিজৰ সামৰ্থ্য অনুযায়ী দিছিল সাহায্য সামগ্ৰী। ইয়াকেই কয় বিপদত এষাৰ মাত আৰু ভোকত একাাহি ভাত দিওঁতাজনেহে আচল জনদৰদী। 

একেদৰে বানপীড়িত আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা জনতাৰ দূখ দুৰ্গতিৰ খবৰ লবলৈও পাহৰা নাছিল যুব অধিবক্তা গৰাকীয়ে । লগতে দিনে নিশাই ৰাইজৰ কাষত থাকি বিভিন্ন অভাৱ অভিযোগৰ খা খবৰো নিয়মিতভাৱে লৈছিল আৰু এতিয়াও আছে ৰাইজৰ কাষত। এই গৰাকীয়েই হল গোৱালপাৰা পূৱ সমষ্টিৰ কংগ্ৰেছ দলৰ নতুন মূখ, আকাংক্ষিত প্ৰাৰ্থী দেৱান মফিজুৰ ৰহমান ৰৌফি ।

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা হলে আৰু কংগ্ৰেছৰ তৰফৰপৰা নব প্ৰজন্মৰ নতুন মূখ এই গৰাকী নেতাই দলীয় টিকট পালে গোৱালপাৰা পূৱ সমষ্টিৰ ৰাইজে আকোৱালি লব বুলি সমষ্টিত চলিছে মৃদু গুণ গুণ। 

গোৱালপাৰা পূৱ সমষ্টিত পূৰ্বতে এগৰাকী বিধায়ক দুই বাৰৰ বাবে নিৰ্বাচনত জিকাৰ নজিৰ নাই বুলি এটা প্ৰবাদ চলি থকাৰ সময়তে এই গৰাকী নেতাৰ নাম সমষ্টিৰ জনতাৰ মাজত চৰ্চিত হৈছে। 

ৰাইজৰ আশীষ বিচাৰি অধিবক্তা গৰাকীয়ে ৰাইজৰ মাজত আহিছে, বিচাৰিছে ৰাইজৰ আশীৰ্বাদ ও সহায় সহযোগিতা। ইতিমধ্যে কংগ্ৰেছ হাইকামাণ্ডেও নতুন মূখৰ যুৱ নেতাক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ সেউজ সংকেত দিয়া বুলিও অধিবক্তা গৰাকীয়ে কয়। 

Post a Comment

0 Comments