সত্যৰঞ্জন বৰা, হিমন্তবিশ্ব শৰ্মা, শিলাদিত্যৰ তীব্ৰ সমালোচনা:হিন্দু যুৱ মঞ্চৰ গৰীহনা:
মাৰ্কাজুল মাৰিফাত, আৰু বদৰউদ্দিন আজমল ফাউণ্ডেচনৰ বিৰুদ্বে বিজেপিৰ একাংশ নেতা কৰ্মীয়ে কটাক্ষ্য মন্তব্য কৰাত সমগ্ৰ অসমৰ সমাজ দৰদী, সচেতন বৌদ্বিক মহল গৰজি উঠে । লগতে গৰজি উঠে বদৰ উদ্দিন আজমলৰ সমৰ্থক কৰ্মীৰ সৈতে বগৰিবাৰীৰ বঙ্গালী হিন্দু যুৱমঞ্চয় । বিভিন্ন সময়ত দুৰ্যোগক্ৰান্ত ৰাইজক সহায়সহযোগীতা আগবঢ়াই আহিছে আজমল ফাউণ্ডাচনে । ফাউণ্ডেচন টোৰ নেতৃৰ্ত্তত চলা চিকিৎসালয় সমুহে দুখীয়াক বিনামূলীয়া চিকৎসা সেৱা প্ৰদান কৰি আহিছে । আজমলৰ বিদ্যালয় সমুহত দূখীয়াৰ বাবে ১৫/২০% কোঠা সংৰক্ষিত আছে । আজমল ফাউণ্ডেচনৰ বিদ্যালয়ৰ super-14 প্ৰতিযোগীতা পৰীক্ষাৰ জৰিয়তে এই বেলি ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰ, ইঞ্জিনিয়াৰ পৰিবলৈ সুযোগ পায় । ইয়াৰে তিনি ভাগৰ দুই অংশ হিন্দু আৰু অন্যান্ন সম্প্ৰদায়ৰ হয় । তেনে ক্ষেত্ৰত সত্যৰঞ্জন বৰা, শিলাদিত্যৰ নিচিনা অপদাৰ্থ নেতাৰ ধৰে হিমন্ত বিশ্বশৰ্মাই বদৰ উদ্দিন আজমল ফাউণ্ডেচনৰ বিৰুদ্বে আঙুল টোৱা কাৰ্য গৰীহনাৰ যোগ্য । এই নেতা সকল অসম তথা অসমৰ ৰাইজৰ উন্নয়ণ নিবিচাৰে, কেৱল ক্ষমতাৰ লালচী হয় ।
এই মন্তব্য কৰে বিলাসীপাৰা জিলা ইউডি এফৰ যুৱ মৰ্চাৰ সম্পাদক পলান চন্দ্ৰ সুত্ৰধৰে । হিমন্ত বিশ্বশৰ্মা আপোনাৰ টকাৰ অভাৱ নাই আপোনিও এজন ধন কুৱেৰ । আপোনী যদি অসম মাতৃৰ সুসন্তান, অসমৰ জনগণৰ দৰদী হয়, আপোনাৰ যদি সাহস আছে, তেন্তে আপোনীও আজমলৰ ধৰে কৰি দেখুৱাক । অন্যথাই সমালোচনাৰ পৰা বিৰত থকাৰ বাবে আহৱান জনালো । তদুপৰি পলান চন্দ্ৰসুত্ৰ ধৰে সাংমেলত বঙ্গালী যুৱ মঞ্চৰ হৈ বিজেপিৰ অপদাৰ্থ নেতা সকলক গৰীহনাও দিয়ে ।
বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ বিশেষ প্ৰতিবেদন
0 Comments