গোৱালপাৰা জিলাৰ চুনাৰীৰ বৰো পৈতাৰীত শোকাবহ পথ দূৰ্ঘটনা,তীব্ৰ ব্যগী ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত এগৰাকী ৭ বছৰীয়া ছোৱালী । অঞ্চল জুৰি শোকৰ ছাঁ, পৰিয়ালত কান্দোনৰ ৰোল।
গোৱালপাৰা জিলাত ট্ৰেক্টৰৰ দৌৰাত্ম আজি নতুন নহয়। নম্বৰ প্লেটবিহীন আৰু কমবয়সীয়া একাংশ চালকৰ তীব্ৰ ব্যগী বাহন চালনত অতীষ্ঠ জিলা বাসী, কানসাৰ নাই জিলা পৰিবহন বিভাগৰ, চকু মুদা কুলিৰ ভাও জুৰি আছে আৰক্ষী প্ৰশাসন। গোৱালপাৰা জিলাৰ গাওঁ অঞ্চলত তীব্ৰ ব্যগী ট্ৰেক্টৰে ত্ৰাসৰ সৄষ্টি কৰাৰ সময়তে জিলাখনৰ বগুৱান থানাৰ অন্তৰ্গত বৰো পৈতাৰীত আজি আবেলি প্ৰায় চাৰে চাৰি বজাত এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ কাৰণ তীব্ৰ ব্যগী- ট্ৰেক্টৰ।
চুনাৰী (চৰ ) গাৱৰ ফৰিদুল ইছলামৰ ৭ বছৰীয়া ছোৱালী ফৰিদা খাতুনে পৈতাৰীস্থ নানায়েকৰ ঘৰত আহি আছিল। ই ৰিক্সাৰে আহি ঘৰৰ জপনা পোৱাৰ পিছত খোজ পেলাইছিল নানায়েকৰ ঘৰলৈ, তেনে সময়তে তীব্ৰ বেগেৰে পাৰ হোৱা ট্ৰেক্টৰ এটাই খুন্দিয়াই দিয়ে ফৰিদা খাতুনক । মুহুৰ্ততে ওচৰ চুবুৰীয়াৰ মাজত হুৱা দুৱা লাগে আৰু ততালিকে হস্পিতালত লৈ আহে যদিও চিকিৎসকে ছোৱালী গৰাকীক মৃত বুলি ঘোষণা কৰে। ছোৱালী গৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰে আৰু স্থানীয় লোকে তীব্ৰ ব্যগী ট্ৰেক্টৰ, টেম্পু, ই ৰিক্সা সমূহৰ নথি পত্ৰৰ বৈধতা পৰীক্ষন কৰিবলৈ জিলা পৰিবহন বিভাগৰ ওচৰত দাবী জনোৱাৰ লগতে মৃত ছোৱালী গৰাকীক এককালীন ১০লাখ টকাৰ ক্ষতিপূৰণ দিবলৈও চৰকাৰক দাবী জনায়।
0 Comments