Ticker

6/recent/ticker-posts

Home ads

ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত ৰাষ্ট্ৰীয় ক'লা দিৱস পালন-

 ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত ৰাষ্ট্ৰীয় ক'লা দিৱস পালন- 

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি নামনি অসমৰ ধুবুৰী জিলা ৰ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ উদ্যোগত ৰাষ্ট্ৰীয় ক'লা দিৱস পালন কৰা কৰা হয়। উল্লেখ্য যে কেন্দ্ৰত পি ভি নৰসিংহ ৰাওঁ কংগ্ৰেছৰ চৰকাৰ থকা কালত ১৯৯২ চনৰ ৬ ডিচেম্বৰ তাৰিখে বাবৰি মছজিদ খন ধংস কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলে জন্ম লগ্নৰ পৰা আৰম্ভ কৰি প্ৰতি বছৰে ৬ ডিচেম্বৰ দিনটো  ক'লা  দিৱস পালন কৰি আহিছে। এই উপলক্ষে আজি ৰাষ্ট্ৰীয় উলামা কাউন্সিল দলৰ ধুবুৰী জিলা কমিটিৰ উদ্যোগত ৰাষ্ট্ৰীয় উলামা কাউন্সিল ধুবুৰী জিলা অস্থায়ী কাৰ্যলয় প্ৰাঙ্গণত অৰ্ধ শতাধিক কৰ্মী য়ে উপস্থিত থাকি এই ক'লা দিৱস পালন কৰে আৰু যিমান দিন লৈকে বাবৰি মছজিদৰ ন্যায় প্ৰদান নকৰে সিমান দিন লৈকে এই ক'লা দিৱস পালন কৰি যাব বুলি ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ধুবুৰী জিলা সভাপতি মজিনুৰ হকে জানিবলৈ দিয়ে।

বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন

Post a Comment

0 Comments