Ticker

6/recent/ticker-posts

Home ads

লক্ষীপুৰত প্ৰয়াত প্ৰধানমন্ৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে কৃষক সভা: ভি চি ৰ মাধ্যমত প্ৰধানমন্ৰী মোদী ৰ ভাষণ:

লক্ষীপুৰত প্ৰয়াত প্ৰধানমন্ৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে কৃষক সভা: ভি চি ৰ মাধ্যমত প্ৰধানমন্ৰী মোদী ৰ ভাষণ:



গোৱালপাৰা জিলাৰ লক্ষীপুৰ খণ্ড উন্নয়ন বিষয়াৰ  কাৰ্যালয় প্ৰাংগণত আজি  এখনি কৃষক সভা অনুষ্ঠিত হয়।  প্ৰয়াত প্ৰধানমন্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে অনুষ্ঠিত সভাত কৃষক সকলৰ বাবে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি সন্দৰ্ভত ভি চি (ভিডিও কন্ফাৰেন্স) ৰ মাধ্যমত ভাষণ প্ৰদান কৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।



লক্ষীপুৰ ব্ল'কৰ  আঞ্চলিক পঞ্চায়তৰ সভাপতি  আহমেদ আলীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে লক্ষীপুৰ উন্নয়ন খণ্ডৰ খন্ড উন্নয়ন বিষয়া অৰুণ চন্দ্ৰ ৰায়ে। বিডিও ৰায়ে কৃষকৰ বাবে ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বিষয়ে কয়। সভাত এডিও (কৃষি বিষয়া) ছামচূল হক, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী  অন্জলিমা ব্ৰহ্ম,  আঞ্চলিক পঞ্চায়তৰ সদস্য তথা বিধায়ক ৰচিদ মন্ডলৰ প্ৰতিনিধি  এ এচ এম জাকাৰিয়া, নগৰ সমিতিৰ প্ৰাক্তন সভানেত্ৰী প্ৰণিতা দাস প্ৰমূক্ষে গন্য-মান্য ব্যক্তিয়ে ভাষণ আগবঢ়ায়। কিষাণ সন্মান নিধিৰ জৰিয়তে  ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া  ১৮ হাজাৰ কোটিৰো অধিক টকা বুটাম টিপি পোনপটীয়াকৈ কৃষকৰ একাউন্ট লৈ প্ৰেৰণ কৰে। বিভিন্ন  ৰাজ্যৰ  বহু কেইগৰাকী কৃষকৰ লগত ভি চি ৰ মাধ্যমত মত বিনিময় কৰি কৃযি কৰ্মৰ সুবিধা  অসুবিধা সন্দৰ্ভত বুজ লয়   ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।তেওঁ লগতে কয় যে কৃষক সকলে উৎপাদন কৰা শস্য স্বাধীন ভাবে যিকোনো ঠাইত যিকোনো মূল্যত কিনা বেচা কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ বাধা নাই । সভাত কেই গৰাকী মান কৃষকেও তেওঁ লোকৰ সমস্যাৰ বিষয়ে অৱগত কৰে আৰু কৃষি বিষয়া-গ্ৰাম সেৱক সকলে তৃণমূল পৰ্যায়ত কাম নকৰে বুলি অভিযোগ উত্থাপন কৰে। 

Post a Comment

0 Comments