লগতে কয় যে তেও বিধায়ক হলে আন একো নহলেও গোৱালপাৰা পশ্চিম সমষ্টিত ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰে পাৰে পাৰ্মানেন্ট প্ৰটেকচন দিয়াৰ বাবে চৰকাৰক দাবী জনাব আৰু এই দাবী বাস্তবায়িত কৰিবলৈ চৰকাৰক বাধ্য কৰিব। একেদৰে সমষ্টিৰ ৰাস্তা ঘাটৰ দুৰৱস্থা সম্পৰ্কে কৰা প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে কয় যে দীৰ্ঘদিন ধৰি মাকৰিৰ পৰা লক্ষীপুৰলৈ ৰাস্তাটো জৰাজীৰ্ণ হৈ থকাত সমষ্টিবাসীয়ে যাতায়তৰ নামত জীয়াতু যমৰ ভুগি আছে। বিগত ৫টা বছৰত সমষ্টিত কোনো উন্নয়ণৰ মূখ নেদেখা সমষ্টি বাসীয়ে এইবাৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীক বিচাৰি আছে বুলিও কয় নেতা গৰাকীয়ে ।
গোৱালপাৰা পশ্চিম সমষ্টিত উচ্চ শিক্ষাৰ নামত ছাত্ৰ ছাত্ৰী সকলে বহিঃ জিলাৰ লগতে বহিঃৰাজ্যত গৈ শিক্ষা গ্ৰহণ কৰিবলগীয়া হয়। যদি নেতা গৰাকীক গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰাইজে আকোৱালি লয় আৰু বিধায়ক হবলৈ সুযোগ দিয়ে তেন্তে সমষ্টিৰ চৰ চাপৰিকে আদি কৰি প্ৰতিটো অঞ্চলত প্ৰয়োজন সাপেক্ষে শিক্ষানুষ্ঠান স্থাপন কৰাৰ দাবী তুলিব বুলিও কয় নেতা গৰাকীয়ে ।
0 Comments