ৰাজ্যত ১ জানুৱাৰীৰ পৰা খুলিব চৰকাৰী–ব্যক্তিগত সকলো স্কুল, জানক কি কি নিয়মেৰে হ’ব পাঠদান-
এই নিৰ্দেশনা অনুসৰি–
১) প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে এদিন এৰি এদিন হ’ব পাঠদান। প্ৰতি সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান। আনহাতে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শণিবাৰে।
২) প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈকে পাঠদান পুৱা ৯বজাত আৰম্ভ হৈ অন্ত পৰিব ১.৪৫বজাত। ইয়াৰ মাজত ১২.১৫ৰ পৰা ১২.৪৫লৈ মধ্যাহ্ন বিৰতি।
৩) ক’ভিড প্ৰটক’ল কঠোৰভাৱে মানিহে পাঠদানৰ নিৰ্দেশ। নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ বাবে শ্ৰেণীকক্ষত উপস্থিতি বাধ্যতামূলক নহ’ব আৰু অভিভাৱকৰ সন্মতি সাপেক্ষেহে শ্ৰেণীকক্ষত তেওঁলোক উপস্থিত থাকিব পাৰিব।
৪) নিয়মীয়া পাঠদানৰ লগতে প্ৰয়োজন সাপেক্ষে অনলাইন ক্লাছসমূহো চলাই যাব পাৰিব।
৫) শিক্ষানুষ্ঠানৰ চৌহদত সভা–সমিতি, সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ
৬) সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানিহে খুলিব বিদ্যালয়।
৭) ৫ বছৰৰ তলৰ শিক্ষাৰ্থী যাব নোৱাৰিব বিদ্যালয়লৈ।
৮) প্ৰতিমাহে শিক্ষক, কৰ্মচাৰীয়ে কৰাব লাগিব ক’ভিড টেষ্ট।
৯) মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়েও কৰাব লাগিব ক’ভিড টেষ্ট।
১০) প্ৰতি দেওবাৰে ছেনিটাইজ কৰিব লাগিব শিক্ষানুষ্ঠান।
১১) উচ্চ মাধ্যমিক (ষষ্ঠ আৰু সপ্তম শ্ৰেণীলৈ), মাধ্যমিক (নৱমৰ পৰা দশমলৈ) আৰু উচ্চ মাধ্যমিক (একাদশ আৰু দ্বাদশ) পৰ্যায়ৰ শিক্ষানুষ্ঠানসমূহ ১জানুৱাৰীৰ পৰা প্ৰতিদিনে চলাব লাগিব। অৱশ্যে ইয়াতো উপস্থিতি বাধ্যতামূলক নহয় আৰু অভিভাৱকৰ অনুমতিৰ ইয়াতো প্ৰয়োজন হ’ব।
১২) আনহাতে স্নাতক মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়, পলিটেকনিক, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰো নিয়মীয়া পাঠদান ১ জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ’ব। অৱশ্যে চূড়ান্ত বৰ্ষৰ ছাত্ৰ–ছাত্ৰীৰ বাহিৰে হোষ্টেলত অন্যান্যসকল থাকিব নোৱাৰিব।
১৩) ব্যক্তিগত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতো এই নীতি–নিয়মাৱলী প্ৰযোজ্য হ’ব।
0 Comments