বিলাসীপাৰা পুৱ সমষ্টিৰ লাঞ্ছিত বঞ্চিত একাংশ দুখীয়া পৰিয়ালে সমাজ সেৱক আব্দুল জব্বাৰ নেতৃত্বত বিধায়ক, সাংসদৰ ওচৰত চৰকাৰী সাহাৰ্য্যৰ দাবী
ধুবুৰী লোক সভা সমষ্টিৰ অন্তৰ্গত বিলাসীপাৰা পুৱ সমষ্টিৰ মাসানেৰ আলগা , টিলাপাৰা, চিৰাকুটা ৰাণীগঞ্জ, বাঘমাৰী গাঁও পঞ্চায়তৰ একাংশ লাঞ্ছিত বঞ্চিত,উচ্ছেদিত, নদী ভংগ, ভূমিহীন আদি দুখীয়া পৰিয়ালৰ মানুহে দীৰ্ঘ দিনৰ পৰা চৰকাৰী বিভিন্ন আঁচনিৰ লগতে ইন্দ্ৰিৰা আৱাস যোজনা ঘৰ, টিন পাত,কম্বল,খাদ্য সামগ্ৰী আদি চৰকাৰী সাহাৰ্য্যৰ পৰা বঞ্চিত হৈ আহিছে। এই সকল লাঞ্ছিত বঞ্চিত দুখীয়া পৰিয়ালৰ মানুহে একত্রি হৈ একেমুখে সাংসদ মৌলনা বদৰুদ্দিল আজমল আৰু বিধায়ক অশোক কুমাৰ সিংহী দেৱৰ ওচৰত চৰকাৰী সাহাৰ্য্য পোৱাৰ বাবে দাবী জনায়। লগতে আৰু কয় যে জোনে আমাক সহায় কৰিব আমি তেওঁৰ হৈ অহা নিৰ্বাচনত কাম কৰি যাম। অন্যথা ভোট বৰ্জন কৰিব বুলি জানিবলৈ দিয়ে লাঞ্ছিত বঞ্চিত দুখীয়া পৰিয়ালে। মন কৰিবলগীয়া যে এই দুখীয়া পৰিয়াল বিলাকক চৰকাৰী বিভিন্ন আঁচনি বা আজমল, ফাউণ্ডেশ্যন, জমিয়ত, মাৰ্কাজুল মা আৰিফ আদিৰ জৰিয়তে সকাহ দিবলৈ স্হানীয় সাংসদ বিধায়কক দাবী জনায় সমাজ সেৱক আব্দুল জব্বাৰ চাহাবে।
বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন।
0 Comments