শালকাটাত টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ কৃষকৰ
কৃষি আইনৰ বিৰুদ্ধে দক্ষিণ শালমাৰাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ-
সমগ্ৰ ভাৰতবৰ্ষৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ শালকাটাত বজাৰত কৃষক বিৰোধী আইন বাতিলৰ দাবী কৃষকে টায়াৰ জ্বলাই চৰকাৰৰ বিৰুদ্ধে প্ৰতিধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত কৃষক বিৰোধী আইন চৰকাৰে যাতে অচিৰেই বাতিল কৰে তাৰ বাবে দাবী জনায়। অন্যথা গণতান্ত্ৰিক বাবে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে কৃষকে। কৃষক বিৰোধী আইনৰ বিৰুদ্ধে বন্ধত কৃষকে পূৰ্ণ সমৰ্থন জনায় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা সমষ্টিৰ শালকাটা অঞ্চলত এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।
বিলাসীপাৰা ৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন।
0 Comments