লক্ষীপুৰত খন্ড ভিত্তিত বিশ্ব দিব্যাংগ দিৱস উদযাপন: শিক্ষাৰ মাধ্যমত সমাজত স্থান পায় অৱহেলিত দিব্যাংগ সকল
মতিউৰ ৰহমান, লক্ষীপুৰ-
গোৱালপাৰা জিলাৰ লক্ষীপুৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ত তিনি ডিচেম্বৰত অনুষ্ঠিত হয় বিশ্ব দিব্যাংগ দিৱস। অসম সৰ্বশিক্ষা অভিযানৰ সৌজন্যত গোৱালপাৰা জিলাত যোৱা ২৭ ডিচেম্বৰৰ পৰা আৰাম্ভ হোৱা দিব্যাংগ সপ্তাহত বিশেষ ভাবে সক্ষম শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা, কবিতা আবৃত্তি, গীত, নৃত্য আদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাত দিনীয়া ক্লাষ্টাৰ ভিত্তিত দিব্যাংগ সপ্তাহৰ কাৰ্যসূচী ৰূপায়ণৰ অন্তত কালি সমগ্ৰ দেশৰ লগত সংগতি ৰাখি অন্তিম দিনা (তিনি ডিচেম্বৰত) খন্ড ভিত্তিত দিব্যাংগ শিশুৰ মাজত চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিব্যাংগ দিৱস উদযাপন উপলক্ষে কালি পূৱা ১০ বজাত পতাকা উত্তোলন কৰা হয় ।
পতাকা উত্তোলন কৰে লক্ষীপুৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱানন্দ বড়োয়ে। ১১ বজাৰ পৰা বিশেষ ভাবে সক্ষম শিশুৰ মাজত বিভিন্ন ধৰণৰ চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। আবেলি ২ বজাৰ পৰা সজাগতা সভা আৰাম্ভ হয়। লক্ষীপুৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱানন্দ বড়োৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা সভাত উদ্দেশ্য ব্যাখ্যা কৰে ছফিয়ৰ ৰহমানে। সজাগতা সভাত অংশগ্ৰহণ কৰি লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী বিজুলী চক্ৰবৰ্তী, লক্ষীপুৰ মহাবিদ্যালয়ৰ সহযোগী প্ৰবক্তা বিশ্বাস ক্যাশ্যপ, গোৱালপাৰা জিলা সৰ্বশিক্ষাৰ আই ই বিভাগৰ জিলা আঁচনি বিষয়া ৰহিমা খাতুন প্ৰমূক্ষে গন্য-মান্য ব্যক্তিয়ে ভাষণ আগবঢ়ায়। জিলা আচঁনি বিষয়া ৰহিমা খাতুনে ভাষণ প্ৰসংগত কয় যে একমাত্ৰ শিক্ষাৰ জৰিয়তে হে সমাজত স্থান পায় অৱহেলিত দিব্যাংগ ব্যক্তি সকল। সম্প্ৰতি দিব্যাংগ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰ�
সম্প্ৰতি দিব্যাংগ শিশুৰ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে। বহু দিব্যাংগ শিশু এতিয়া উচ্চ শিক্ষাৰে শিক্ষিত হৈ কৰ্মসংস্থাপনত যোগ দি আত্মনিৰ্ভৰশীল হ'বলৈ সক্ষম হৈছে । সভাত লগতে আৰ পি ছফিয়ৰ ৰহমান, আৰ পি সূজাতা দেৱী, এ আৰ পি আয়নাল হক, এ এ আৰ পি মতিউৰ ৰহমান, বি আৰ পি নজৰুল ইচলাম, শিক্ষক সন্জয় বৰ্মন প্ৰমূক্ষে ব্যক্তি সকলেও ভাষণ আগবঢ়ায়। সজাগতা সভাৰ শেষত বটাঁ বিতৰনী সভা অনুষ্ঠিত হয়। বঁটা বিতৰনী সভাত বিজয়ী হোৱা বিশেষ ভাবে সক্ষম শিশুৰ মাজত পুৰস্কাৰ আৰু এটাকৈ মানপত্ৰ প্ৰদান কৰে আমন্ত্ৰিত অতিথি আৰু বিষয়-ববীয়া সকলে। দুহাত নথকা মহচিনা আহমেদ, দৃষ্টি হীনা শ্বৰিফা খাতুন, শাৰীৰিক ভাৱে অক্ষম ৰুবুল হুচেইন আদি বিশেষ ভাবে সক্ষম শিশুৰ প্ৰতিভা আৰু দৃষ্টিহীন আমন্ত্ৰিত অতিথি মৌলিক ৰাভাৰ কণ্ঠৰ গীতে সকলোকে আবেগিক আৰু আপ্লুত কৰি তোলে।
0 Comments