কমতাপুৰ সংখ্যালঘু মহামঞ্চ (কে, এম, এম, এম) ৰ জিলা সমিতি গঠন
ফৰিজ উদ্দিন আহমেদ, বিলাসীপাৰাৰ বিশেষ প্ৰতিনিধি,২১ ডিচেম্বৰ: অসম চৰকাৰৰ প্ৰস্তাৱিত কমতাপুৰ পৰিষদৰ অন্তৰ্গত সংখ্যালঘু সম্প্ৰদায়ৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে অবিভক্ত গোৱালপাৰা জিলাৰ পৰা বিভক্ত হৈ সম্প্ৰতি চাৰিখন পৃথক জিলা (গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও আৰু দক্ষিণ শালমাৰা) হিচাপে পৰিগণিত এলেকাক সামৰি গঠিত কৰা হৈছে "কমতাপুৰ সংখ্যালঘু মহামঞ্চচ (কেএমএমএম)"৷ ধুবুৰী জিলাৰ পূব বিলাসীপাৰাৰ অন্তৰ্গত চিৰাকুটাত ২০ ডিচেম্বৰত বৃহত্তৰ অঞ্চলটোৰ বিশিষ্ট সমাজ সচেতক আব্দুৰ ৰশিদ সেখ'ৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাত কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক, বাহেজ উদ্দিন আহমেদ উপদেষ্টা ,ছাইফুৰ ৰহমান খান আৰু বিভিন্ন বিষয় ববীযা উপস্থিত থাকে।উক্ত সভাত ওচমান গণি আহমেদক সভাপতি আৰু মোকাম আলী সেখ'ক সাধাৰণ সম্পাদক হিচাপে লৈ সৰ্বমুঠ ৩১ জনীয়া "কমতাপুৰ সংখ্যালঘু মহামঞ্চচ (কে, এম ,এম, এম)ৰ বিলাসীপাৰা পূব বিধানসভা সমষ্টি ভিত্তিক জিলা সমিতি গঠন কৰা হয়।
0 Comments