যোগীঘোপাৰ বালাপাৰাত বঙাইগাঁও জিলা ইটা ভাটাৰ সাধাৰণ সভা। পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন।
৩ জানুৱাৰী: যোগীঘোপাৰ পৰা আব্দুল কায়েউমৰ-
আজি আবেলি ৪ বজাত বঙাইগাঁও জিলা ইটা ভাটাৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সাধাৰণ সভাত পুৰণি সমিতি ভংগ কৰি নতুন ৫০/৫৫ জন সদস্য লৈ পূৰ্ণাংগ সমিতি গঠন কৰা হয়।সভাত সভাপতিত্ব কৰে পুৰণি সমিতিৰ সভাপতি মফিদুল ইসলাম লগতে সাধাৰণ সম্পাদক জাহিদুল ইসলামে বাৰ্ষিক হিচাব নিকাচ আয়-ব্যয় ৰাইজে হাত চাপৰি দি গ্রহণ কৰি লৈ। হেলেম বৰুৱা সভাপতি আৰু জাহিদুল ইসলামক সম্পাদক নতুন সমিতি গঠন কৰা হয়।বঙাইগাঁও জিলা ইটা ভাটাৰ নিৰ্বাচিত নতুন সভাপতি হেলেম বৰুৱায়ে সংবাদ মাধ্যমেৰ আগত মন্তব্য কৰি কয় যে অনাগত দিনবোৰত যোগীঘোপাৰ অঞ্চলৰ নিৱনুয়া সম্যসা শিক্ষা আৰু স্বাস্থ্য সমস্যা লগতে ৰাস্তা সমাধান কৰিব বুলি মন্তব্য কৰে।বঙাইগাঁও জিলা ইটা ভাটাৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজ লৈ পূৰ্ণাংগ সমিতি গঠন কৰা হয়।কাৰ্য্যকৰী সদস্য সকল আদল আলী টিলাপাৰা, কুৰবান আলী আহাম্মদ ভৰালকুন্ডি, মহচিন আলী আহাম্মদ বালাপাড়া, আব্দুল কাদেৰ টিলাপাৰা, মৌলানা নুৰমহাম্মদ বালাপাড়া, নাগৰ আলী বালাপাৰা, আব্দুল মন্নাফ বালাপাৰা আদিকৈ ৫০/৫৫ জন সদস্য লৈ পূর্ণাঙ্গ কমিটি গঠন কৰা হয়।
0 Comments