Ticker

6/recent/ticker-posts

Home ads

জলেশ্বৰ পীৰ বাৰীৰ ওৰুচ মোবাৰক বাতিল হোৱাত মাজাৰ থলীত নিমাও মাও পৰিবেশ-

জলেশ্বৰ পীৰ বাৰীৰ ওৰুচ মোবাৰক বাতিল হোৱাত মাজাৰ থলীত নিমাও মাও পৰিবেশ।


জলেশ্বৰ পীৰ বাৰীৰ ওৰুচ মোবাৰক বাতিল হোৱাত মাজাৰ থলীত নিমাও মাও পৰিবেশ।বিগত বৰ্ষ সমূহত আজিৰ দিনটোতে লাখ লাখ ভক্তৰ ভিৰ পৰিলক্ষিত হৈছিল । দিন একেই আছে, তাৰিখও একেই আছে কিন্তু নাই সেই জাকজমকতা, এক জনশূন্য পৰিবেশ। গোৱালপাৰা জিলাৰ জলেশ্বৰ কাটাৰীহাৰাৰ পীৰবাৰীত  শোকস্তব্দ পৰিবেশ বিৰাজ কৰিছে। প্ৰতি বছৰেই ৮মাঘৰ পৰা আৰম্ভ হোৱা ওৰুচত দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছিল কিন্তু এই বৰ্ষত তেনেকোনো পৰিবেশ নাই। যিটো খেল পথাৰত হাজাৰ হাজাৰ মানুহ ভিৰ কৰিছিল আৰু দিনে নিশাই খিছিৰি বিতৰণ কৰিছিল সেই পথাৰত যুৱক সকলে ক্ৰিকেট খেল চাই সময় পাৰ কৰি আছে। পীৰবাৰী এলেকাৰ তিনি কিলোমিটাৰ মান বাট দিনে নিশাই যানজটৰ সৃষ্টি হৈ থাকে সেই ৰাস্তা সমূহ আজিৰ দিনত সাধাৰণ ভাৱেই আছে। কভিড প্ৰটকল অনুসৰি লাখ লাখ লোকৰ সমাগমত নিষেধাজ্ঞা থকাৰ বাবেই এইবেলি জলেশ্বৰ পীৰবাৰীৰ ওৰুচ মোবাৰক বাতিল হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বহু আধ্যাত্মিক অনুগামী ভক্ত সকলে ওৰুচ উদযাপন সমিতিৰ লগত যোগাযোগ কৰিছিল যদিও ওৰুচ উদযাপন কমিটিয়ে সকলোকে ঘুৰাই পঠিয়াইছে বুলি জানিব পৰা গৈছে। 

Post a Comment

0 Comments