ওমেদ আলী সৰকাৰ মেমোৰিয়াল প্ৰাথমিক বিদ্যালয় পথাৰত জলকীয়া খেতি-
অবৈধ ভাৱে বিদ্যালয়ৰ গৃহ ও মাটি দখলৰ প্ৰচেষ্টা আ: খালেকৰ- উদ্ধাৰৰ দাবী স্হানীয় ৰাইজৰ
ধুবুৰী জিলাৰ বিলাসী পাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত ওমেদ আলী সৰকাৰ মেমোৰিয়াল প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী নিৰ্দেশ মৰ্মে প্ৰায় দুই তিনি বছৰ পূৰ্বে ২৩৩৯ নং কদমতলা কালীপাৰা প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰিকৰন হৈছে। তেনে সময়তে ওমেদ আলী সৰকাৰ মেমোৰিয়াল প্ৰাথমিক বিদ্যালয়ৰ গাত লাগি থকা আব্দুল খালেক নামৰ ব্যক্তি জনে বিদ্যালয়ৰ গৃহ আৰু মাটি দখল কৰা প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰ্তমান বিদ্যালয়ৰ পথাৰত অবৈধ ভাৱে জলকীয়া খেতি কৰা দেখা গৈছে। লগতে বিদ্যালয় গৃহত ৰন্ধা ভৰা কৰা খৰি আদি ভৰাই থোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত স্হানীয় ৰাইজে বাধা দিয়ে যদিও খালেক নামৰ ব্যক্তি জনে কেৰেপ নকৰে বুলি সাংবাদিকক জানিবলৈ দিয়ে। এনে পৰিস্থিতিৰ ভাৱে স্কুলীয়া ল'ৰা ছোৱালী খেল ধেমালিৰ কৰাৰ অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যাতে অচিৰেই বিদ্যালয়ৰ গৃহ আৰু পথাৰ খালি কৰি দিয়ে তাৰ বাবে ৰাইজে দাবী জনায়।
0 Comments