ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা প্ৰদান আৰু আবন্টন পত্ৰ বিতৰণ।
গোৱালপাৰা চহৰৰ ফনীশৰ্মা ভৱনত অনুষ্ঠিত সভাত ২৪৬২ হিতাধিকাৰীক প্ৰদান কৰা হয় ভূমি পট্টাৰ পত্ৰ। ভূমিহীন খিলঞ্জীয়া পৰিয়ালক চৰকাৰে আবণ্টন দিছে ভূমিপট্টা । আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা আৰু দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা।
ভূমি পট্টা প্ৰদান অনুষ্ঠানত বালিজানা ৰাজহ চক্ৰ, লক্ষীপুৰ, ৰাজহ চক্ৰ, মাটিয়া ৰাজহ চক্ৰ, আৰু ৰংজুলী ৰাজহ চক্ৰৰ পাঁচগৰাকী কৈ হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰা হয়। উক্ত সভাত জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাবুদ্দিনে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বিজেপি চৰকাৰৰ গুণ বখানি ভাষণ প্ৰদান কৰে......
গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই আতধৰা সভাত অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে উদ্ধোধনী ভাষণত উপস্থিত ৰাইজ আৰু হিতাধিকাৰী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।
সভাত মূখ্য অতিথিৰ ভাষণত দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই কয় যে ভূমিৰ পট্টা পোৱা হিতাধিকাৰী সকলে নিজৰ মাটি হস্তান্তৰ বা বিক্ৰী কৰিব নোৱাৰিব। কিয়নো চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোককহে মাটি দিছে আৰু সেই মাটিত ঘৰ বনাই থাকিব লাগিব কিন্তু সেই মাটি বিক্ৰী কৰি মুনাফা লুটিবলৈ চৰকাৰে দিয়া নাই। একেদৰে সভাত মুখ্য হিচাপে উপস্থিত থাকি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৰাইজক উদ্দেশ্যি কয় যে...
0 Comments