Ticker

6/recent/ticker-posts

Home ads

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে উদীয়মান যুৱ সাংবাদিক আব্দুল হাদী শেখ-

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে উদীয়মান যুৱ সাংবাদিক আব্দুল হাদী শেখ-

শিমুলটাপু গাঁৱৰ সাংবাদিক আব্দুল হাদী শেখে-

Humanitarian Excellence Award 2020, Organised By Human Rights & Social Justice 

ৰাষ্ট্ৰীয় বঁটা  খন সমগ্ৰ ভাৰতৰ পৰা ৩০ জনক দিয়ে তাৰ ভিতৰত নষ্ট ইষ্ট পৰা উদীয়মান যুৱ সাংবাদিক  আব্দুল হাদীক বিহাৰৰ পাটনাৰ পৰা বঁটা প্ৰদান কৰে ।

যোৱা কিছুদিন আগতে যুৱ সাংবাদিক গৰাকিক National Kalaratnam Foundation Of Art Society Uttar Pradesh পৰা Best Journalist Award Assam ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে।

ফাষ্ট নিউজ অসম  নিউজ ইদিতৰ  দায়িত্বত থকা যুৱ সাংবাদিক নিষ্ঠা আৰু সততাৰে সাংবাদিকতা কৰি যোৱাৰ লগতে সমাজ সেৱামূলক কামৰ লগতো জড়িত। বিভিন্ন প্ৰতিকূলৰ মাজেদি অবিৰাম গতিত নিজৰ দায়িত্ব সমাপন কৰি যোৱা উদিয়মান সাংবাদিকৰ সাহসীকতা আৰু কৰ্মদক্ষতা সচাকৈয়ে শলাগনীয়। সপ্তাহিক অসমীয়া বাতৰি কাকত গণস্তম্ভৰ আপোচহীন সাংবাদিক গৰাকীয়ে সমাজৰ হকে নিৰৱচ্ছিন্নভাৱে কৰি যোৱা কামৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হয়। কোকৰাঝাৰ জিলাৰ গোসাইগাও‍ঁ মহকুমাৰ অন্তৰ্গত শিমুলটাপু গাঁৱৰ সাংবাদিক আব্দুল হাদী শেখে  কোভিদ ১৯ ৰ সৈতে যুঁজি নিজৰ স্বাস্থ্য জীৱনৰ কথা চিন্তা নকৰি নিজৰ কৰ্তব্য কৰি অহাৰ বাবে জ্ৰীফৰিন এডোকেচন ট্ৰাষ্ট্ ( জিট্) পৰা সম্বৰ্ধনা পত্ৰ লাভ কৰি কোকৰাঝাৰ জিলালৈ গৌৰৱ কৰিয়াই আনে। উল্লেখ্য যে, লক ডাউনৰ সময়ত মানৱীয় সেৱা আগবঢ়োৱাৰ লগতে বহিঃৰাজ্যত আবদ্ধ হৈ পৰা অসমৰ বহু শ্ৰমিকক নিজ ঘৰলৈ অনাত সহায় কৰে  কোকৰাঝাৰ উদিয় বান যুব সাংবাদিক  আব্দুল হাদী শেখ ২০১৯ বৰ্ষত Times Media 24 Managing Director'ৰ দায়িত্বত আছিল। 

প্ৰত্যেকজন সংবাদ কৰ্মীয়ে জাগ্ৰত প্ৰহৰীৰ দৰে দেশ তথা দহৰ স্বাৰ্থত নিৰপেক্ষভাৱে সেৱা আগবঢ়াই এই দৰে ৰাইজৰ প্ৰশংসা বুটলি আনিবলৈ সক্ষম হ'ব। আমি জানো সাংবাদিকতা কৰাটো যে কিমান কষ্টকৰ কাম, সেইটো সকলোৱে অনুধাৱন কৰিব নোৱাৰে। এজন সাংবাদিকৰ কষ্ট-ত্যাগক বহুতেই স্বীকৃতিও দিব নিবিচাৰে। বিভিন্ন ভয়-ভাবুকিৰ সন্মুখীন হৈয়ো এজন সাংবাদিকে নিজৰ ওপৰত নেস্ত দায়িত্বক ধৰ্ম হিচাপে লৈ নিৰপেক্ষভাৱে দেশ তথা দহৰ সেৱাত নিমজ্জিত হৈ আহিছে, তাৰ পাছতো এচামে সাংবাদিকক সন্দেহৰ দৃষ্টিৰে চোৱাই নহয় সংবিধানৰ চতুৰ্থ স্তম্ভ ৰূপে খ্যাত সংবাদ মাধ্যমক লৈ বিৰূপ মন্তব্য কৰাও দেখা যায়। এই মানসিকতা সলনি নকৰিলে অদূৰ ভৱিষ্যতে দেশ তথা দহৰ হকে মাত মাতিবলৈ কোনো সাংবাদিক নাথাকিব। এটা কথা ঠিক যে সাংবাদিকৰ মাজতো কিছুমান স্বাৰ্থপৰ সাংবাদিক আছে, সেইবুলি আমি গোটেই সংবাদ ব্যৱস্থাটোকে সন্দেহৰ চকুৰে চোৱা কদাপি ঠিক নহব।


Post a Comment

0 Comments