Ticker

6/recent/ticker-posts

Home ads

বিদ্যালয়ৰ ভোট গ্ৰহণৰ নামত প্ৰধান শিক্ষক ছাইনুদ্দিন আহমেদ CCRC মোজ্জামেল হকৰ ব্যাপক জালিয়াতি-

 

বিদ্যালয়ৰ ভোট গ্ৰহণৰ নামত প্ৰধান শিক্ষক ছাইনুদ্দিন আহমেদ CCRC মোজ্জামেল হকৰ ব্যাপক জালিয়াতি-

বিদ্যালয়ৰ ভোট গ্ৰহণৰ নামত প্ৰধান শিক্ষক ছাইনুদ্দিন আহমেদ CCRC মোজ্জামেল হকৰ ব্যাপক জালিয়াতি-

২০ জানুৱাৰী, বিলাসী পাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদ-

বিদ্যালয় পৰিচালনা কমিটিৰ ভোটত ভোট প্ৰদান কৰিলে চাৰি গৰাকী অবৈধ ছাত্ৰ ছাত্ৰীৰ অভিভাৱক অভিভাৱিকাই।এনে এক জালিয়াতি সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসী পাৰা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ছুতাৰ পাৰা নৈচাৰধাপ প্ৰাথমিক বিদ্যালয়ত।

চৰকাৰী ‌নিয়ম অনুসৰি বিদ্যালয়ৰ পুৰনা কমিটি ভংগ নতুন কমিটি গঠন কৰা বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ মৰ্মে ছুতাৰপাৰা নৈচাৰধাপ প্ৰাথমিক বিদ্যালয়ৰ কমিটি গঠন কৰাৰ বাবে প্ৰধান শিক্ষকে জো- জা চলাইছিল যদিও কমিটিৰ সভাপতি পদকলৈ দুজন অভিভাৱকৰ মাজত টনাজোৰাৰ সৃষ্টি হয়।

যোৱা ২০ জানুৱাৰী দিন ভাৰ ঘোষণা কৰি পৰিচালনা কমিটিৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰে।

ভোট গ্ৰহণত প্ৰধান শিক্ষকে এবাৰ ৪৬ জনীয়া ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ভোটাৰ তালিকা প্ৰস্তুত কৰে আকৌ এবাৰ ৫০ জনীয়া ভোটাৰ তালিকা প্ৰস্তুত কৰে।

উক্ত ৫০ জনীয়া ভোটাৰ তালিকাৰ ওপৰত ভিত্তি ভোট গ্ৰহণ অনুষ্ঠিত হ'ল। অভিভাৱকে ৫০ জনীয়া ভোটাৰ তালিকা অনুসৰি ভোট প্ৰদান কৰিছে। মুঠ ভোট প্ৰদান কৰে ৪৩ টা। ভোটৰ ফলাফল ঘোষণা অনুসৰি আব্দুল ৰসিদে ভোট লাভ কৰে ২২ টা আৰু ছলিম উদ্দিনে লাভ কৰে ২১ টা ভোট।ছলিম উদ্দিনে এটা ভোটৰ ব্যৱধানত পৰাস্ত হোৱা  ভোটাৰে সন্দেহ উপলব্ধি কৰে। শিক্ষকে ৫০ জনীয়া ভোটাৰ তালিকাৰ পৰিৱৰ্তে ৫১ জনীয়া অবৈধ তালিকাৰে ভোট গ্ৰহণ কৰিছে।

ইয়াৰ মাজতে চাৰিটা ভোট অবৈধ। অবৈধ ভোট ক্ৰমে জহুৰ উদ্দিন, সুজাল হক, মহৰ আলী আৰু ৰসিদ আলী। এওঁলোকৰ মাজত দুজনৰ ল'ৰা ছোৱালী কাঠালবাৰী আৰু ৰাজাপাৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ে। বাকী দুজনৰ ল'ৰা ছোৱালী লিখা পঢ়া কৰা নাই।অথচ ছুতাৰ পাৰা নৈচাৰধাপ প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰা আৰু আই কাৰ্ড থকা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ ভোট দিব পৰা নাই।

কিন্তু প্ৰধান শিক্ষক সাইনুদ্দিন আহমেদ আৰু CCRC মোজ্জামেল হকে নিজৰ স্বাৰ্থ সিদ্ধিৰ ভাৱে  বিদ্যালয় খনৰ অভিভাৱকৰ নিৰক্ষৰতা সুযোগ গ্ৰহণ কৰি নিজৰ পছন্দ প্ৰাৰ্থীক জিকাই অনাৰ পৰিকল্পিত পৰিকল্পনা কৰিছিল কোনেও জনা নাছিল।বিদ্যালয় খনৰ মধ্যহ্ন ভোজনৰ আহাৰৰ ক্ষেত্ৰত বিয়াগোম কেলেংকাৰী কৰি আহিছে লগতে ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ নামত প্ৰধান শিক্ষকে হেমাহি কৰি থকা পৰিলক্ষিত হৈছে।প্ৰধান শিক্ষক ছাইনুদ্দিনে ছাত্ৰ ছাত্ৰীক পঢ়াব নোৱাৰে এই কথাও ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰধান শিক্ষক গৰাকী মুৰক্ষ বুলি অভিভাৱক অভিভাৱিকা জানিবলৈ দিয়াৰ লগতে শিক্ষক গৰাকীক বদলিৰ দাবী জনায়।আনহাতে বিদ্যালয়ৰ অবৈধ  কমিটিৰ বাতিল কৰি নতুন কৈ ভোট অনুষ্ঠিত কৰাৰ দাবী জনায়। এইক্ষেত্ৰত বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষ্যনীয় হ"ব।

Post a Comment

0 Comments